Saturday, July 3, 2010

কৰ্দৈ দি মাছৰ টেঙাজোল










Courtesy: Pankaj Borah
উপকৰণ :-
ৰৌ মাছ – ½ কিলো
কৰ্দৈ – ৩ টা
ডাঙৰ আলু – ৪টা
ধনিয়া পাত অলপ
পণালী :-
মাছখিনি ভালকৈ ধুই টুকুৰা কৰি হালধি নিমখ সানি লব | আলু সিজাই পিটিকি লব | কৰ্দৈখিনি কুকাৰত অলপ পানী দি সিজাই ৰস উলিয়াই লব | এতিয়া কেৰাহিত তেলগৰম কৰি মাছখিনি ভাজি থব| মাছখিনি ভজা তেলতে সৰিয়হ, কেচা জলকীয়া দিব | যেতিয়া সৰিয়হ ফুটিব, তেতিয়া পিটিকি লোৱা আলু খিনি দি ভালকৈ ভাজি হালধি, নিমখ আৰু কৰ্দৈ ৰস খিনি দি উতলিলে মাছ খিনি দিব | নমাবৰ সময়ত ধনীয়া পাত দিব |
 এতিয়া ভাতৰ লগত ৰিবেশণ কৰক|